Sale!

Oi ni: tom ( অ’ইঃনিঃতম )

531.00

By Sadananda Payeng

Add to Wishlist
Add to Wishlist
SKU: PBAE665 Category:

Description

অই নিঃতম
অসমৰ লোকসাহিত্য আৰু সংস্কৃতিৰ অলংকাৰ স্বৰূপ অই নিঃতম হৈছে মিচিং সমাজৰ এক অনুপম লোকগীত ।লোক কবিতা ৰূপেও ইয়াৰ মহত্ব সাহিত্য ৰসিকৰ ওচৰত বহু বেছি। পূৰ্বতে অসম প্ৰকাশন পৰিষদে নাহেন্দ্ৰ পাদুন সম্পাদিত “অই নিঃতম”ৰ সংগ্ৰহ গ্ৰন্থ আকাৰে ছপা কৰিছিল। কিন্তু অই নিঃতমক পূৰ্ণাংগ ৰূপত সংগ্ৰহ কৰাৰ বাবে অসম প্ৰকাশন পৰিষদে এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে । লেখক, গৱেষক ড0 সদানন্দ পায়েঙে ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে অই নিঃতম সমূহ সংগ্ৰহ, সম্পাদনা কৰাৰ পাছত মিচিং ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছে আৰু পৰিষদে গ্ৰন্থ আকাৰে প্ৰকাশ কৰিছে। “অই নিঃতম”অকল এখন লিখিত ৰূপত থকা গ্ৰন্থই নহয় ;ইয়াৰ লগত আছে বাণীৱদ্ধ অই নিঃতমৰ এটি “কাৰ্ড পেন ড্ৰাইভ”।পৰিবেশন শৈলী তথা সুৰৰ বিশেষত্ব অটুত ৰাখি সদানন্দ পায়েঙে কেইগৰাকীমান মিচিং শিল্পীৰ সহযোগত (নিজেও কন্ঠদান কৰিছে) অই নিঃতম সমূহ বাণীৱদ্ধ কৰিছে। এটা কাৰ্ড পেন-ড্ৰাইভত এই বাণীৱদ্ধ অই নিঃতম সমূহ সংৰক্ষিত কৰি গ্ৰন্থখনৰ সৈতে একেলগে পঢ়ুৱৈৰ হাতত তুলি দিব পৰাকৈ প্ৰকাশন পৰিষদে সজাই-পৰাই বজাৰলৈ উলিয়াই দিছে। এই আপুৰুগীয়া গ্ৰন্থ আৰু পেন-ড্ৰাইভ একেলগে কিনিবলৈ পাব 590 ( পাঁচ শ নব্বৈ) টকাত। অসম প্ৰকাশন পৰিষদৰ ৱেবছাইটৰ যোগে গ্ৰন্থখন ক্ৰয় কৰিলে দহ শতাংশ ৰেহাই পাব।

Reviews

There are no reviews yet.

Be the first to review “Oi ni: tom ( অ’ইঃনিঃতম )”

Your email address will not be published. Required fields are marked *