প্ৰ-পত্ৰ
প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২
[লেখক আৰু প্ৰকাশকৰ বাবে]

২০১৯ চনৰ ৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত হোৱা গ্ৰন্থৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২’ৰে পুৰস্কৃত কৰা হ’ব৷ এই বঁটাত গ্ৰন্থৰ লেখকে এখন মানপত্ৰ আৰু নগদ ৫ লাখ টকা, প্ৰকাশকে এখন মানপত্ৰ আৰু ৩ লাখ টকা লাভ কৰিব৷ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্ৰকাশকৰ যিকোনো এগৰাকীয়ে এই প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব৷ প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি অহা ২০-ৰৰ-২০২২ তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব৷ প্ৰ-পত্ৰ অনলাইনযোগে [ই-মেইল] প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি প্ৰেৰণ কৰিব পাৰিব৷
প্ৰ-পত্ৰ প্ৰেৰণৰ ডাক ঠিকনা– সচিব, অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১
ই-মেইল : assampublicationboard@gmail.com

Click Here to Download Form

 

সংবাদ বিজ্ঞ প্তি
সৃষ্টিশীল লেখক আৰু প্ৰকাশকক উদগনিৰ বাবে ব্যতিক্ৰমী পদক্ষেপ
প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১ প্ৰদানৰ সিদ্ধান্ত
গুৱাহাটী, ২ ডিচেম্বৰ, 2021 ঃ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চলিত বছৰৰ পৰা সৃষ্টিশীল লেখক আৰু প্ৰকাশকৰ বাবে প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰৱৰ্তন কৰা হৈছে৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদ মেলত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে৷ আজিৰ সংবাদমেলখনত সাংবাদিকসকলক সম্বোধন কৰি সচিব কলিতাই কয় যে সাহিত্যৰ তিনিটা শাখা ক্ৰমে উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ লেখকৰ মাজৰ পৰাএগৰাকী লেখকক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হ’ব৷ লগতে এই সাহিত্য বঁটাৰে পুৰস্কৃত হোৱা গ্ৰন্থখনৰ প্ৰকাশককো সমমৰ্যদাৰে এটা বঁটা প্ৰদান কৰা হ’ব৷ এই দুয়োটা বঁটাত থাকিব দুই লাখকৈ টকা আৰু একোখনকৈ প্ৰশস্তি-পত্ৰ৷ উল্লেখ্য যে সাহিত্যৰ ক্ষেত্ৰত লেখকক বঁটা প্ৰদান কৰাটো এটা সাধাৰণতে হৈ থকা কথা যদিও ভাৰতবৰ্ষত প্ৰথমবাৰলৈ লেখকৰ সমান্তৰালকৈ প্ৰকাশকক এনেদৰে বঁটা প্ৰদান কৰা এই ব্যৱস্থা এক বিৰল উদাহৰণ হিচাপে চিহ্নিত হ’ব৷ সচিব কলিতাই এই প্ৰসংগত অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই বঁটা প্ৰদানৰ বাবে পৰামৰ্শ আগ বঢ়োৱা প্ৰসংগটিসম্পৰ্কেও সংবাদমেলত ব্যক্ত কৰে৷ সৃষ্টিশীল লেখক আৰু প্ৰকাশকসকলক উৎসাহিত কৰাৰ বাবেই এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা উচিত বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সচিব কলিতাক পৰামৰ্শ দিয়াৰ কথা সংবাদমেলত বিস্তৃতভাৱে অৱগত কৰে৷ সচিবে এই বঁটাৰ নিয়ম সম্পৰ্কেও সংবাদমেলত কিছু ব্যাখ্যা দাঙি ধৰে৷ সচিব কলিতাই জনোৱা মতে ২০১৮ চনৰ ৰ জানুৱাৰীৰ পৰা ২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থহে এই বঁটাৰ বাবে নিৰ্বাচিত হ’ব৷ অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা গ্ৰন্থ সংগ্ৰহৰ বাবে এখন প্ৰ-পত্ৰ প্ৰচাৰ মাধ্যমযোগে প্ৰকাশ কৰা হ’ব আৰু নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্ৰকাশকে এই প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব৷ লেখক-প্ৰকাশকসকলে অসম প্ৰকাশন পৰিষদৰ ৱেৱচাইট www.publicationboardassam.com -ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব৷ প্ৰ-পত্ৰ অনলাইনযোগে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি অহা ১০ ডিচেম্বৰ-২০২১ তাৰিখৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব৷ প্ৰ-পত্ৰ প্ৰেৰণৰ ডাক-ঠিকনা ঃ অসম প্ৰকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১, ইমেইল ঃ assampublicationboard@gmail.com

[প্ৰমোদ কলিতা]
সচিব
অসম প্ৰকাশন পৰিষদ
বামুণীমৈদাম, গুৱাহাটী-২১