Sale!

Bijyanar Pragati ( বিজ্ঞানৰ প্ৰগতি )

630.00

Dr. Dinesh Chandra Goswami ড° দীনেশ চন্দ্ৰ গোস্বামী

Add to Wishlist
Add to Wishlist
SKU: PBAE365 Category:

Description

বিজ্ঞানৰ প্ৰগতি
বিজ্ঞানৰ প্ৰগতিয়ে মানুহৰ জীৱনৰ মানেই কেৱল উন্নত কৰা নাই, ই মানুহৰ মানসিক স্তৰ, চিন্তাধাৰা আৰু দৰ্শনৰ ওপৰতো বিস্তৰ প্ৰভাৱ পেলাইছে৷ অসমীয়া ভাষাত বিজ্ঞানৰ প্ৰগতিৰ বিষয়ে বিস্তাৰিত তথ্য আৰু বিশ্লেষণসমৃদ্ধ গ্ৰন্থ অতি তাকৰ৷ এখন বিশ্লেষণধৰ্মী বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰকাশন পৰিষদে এক বৃহৎ প্ৰকল্প হাতত লৈ প্ৰণয়ন কৰি উলিয়াইছিল ‘বিজ্ঞানৰ প্ৰগতি’ নামৰ গ্ৰন্থখন৷ বিশিষ্ট বিজ্ঞান লেখক তথা সাহিত্যিক ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞানৰ বিভিন্ন প্ৰশাখাৰ বিষয়ে বিভিন্ন গৱেষকে লিখা গৱেষণামূলক লিখনী একত্ৰ কৰি এই গ্ৰন্থখন সম্পদনা কৰিছে৷ জীৱ বিজ্ঞান, গণিত বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূগোল বিজ্ঞান, ভূ-বিজ্ঞান, নৃ-বিজ্ঞান, কৃষি বিজ্ঞান, চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক বিজ্ঞান, মহাকাশ বিজ্ঞানকে ধৰি মুঠতে চৈধ্যটা বিষয় সামৰি লোৱা হৈছে এই মূল্যৱান গ্ৰন্থখনত ৷ বিজ্ঞান বিষয়ৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী তথা গৱেষকৰ বাবে প্ৰয়োজনীয় এই গ্ৰন্থখনৰ মূল্য মাত্ৰ ৭০০ টকা৷

Reviews

There are no reviews yet.

Be the first to review “Bijyanar Pragati ( বিজ্ঞানৰ প্ৰগতি )”

Your email address will not be published. Required fields are marked *