Sale!
Description
বত্ৰিছ পুতলাৰ সাধু
‘ দ্বাবিংশৎপুত্তলিকা’ বা ‘দ্বাত্ৰিংশিকা’ সংস্কৃত সাহিত্যৰ এখন অতি জনপ্ৰিয় গ্ৰন্থ। মূল গ্ৰন্থখন উদ্ধাৰ কৰিব পৰা নগ’ল যদিও উত্তৰ আৰু দক্ষিণ ভাৰতত ইয়াৰ দুটা সংস্কৰণ উপলব্ধ। কথিত আছে যে একাদশ শতিকাত ধাৰা ৰাজ্যৰ অধিপতি ৰজাভোজে বত্ৰিছটা পুতলাৰ ওপৰত স্থাপিত ৰজা বিক্ৰমাদিত্যৰ ৰাজ সিংহাসনখন আৱিষ্কাৰ কৰিছিল। এক সংযোগী উপ-কাহিনীৰ মতে এই শাপগ্ৰস্ত পুতলাকেইটাই প্ৰত্যেকদিনেই ৰজাভোজক এটাকৈ কাহিনী কৈ শাপমুক্ত হৈ গৃহাভিমুখি হৈছিল। মূল সংস্কৃত গদ্যত ৰচিত এই কাহিনীমালাৰ মাজে মাজে পদ্য বা শ্লোকত নীতি উপদেশ সন্নিৱিষ্ট কৰা হৈছে।
এই কাহিনীসমূহ শিশুহঁতৰ উপযোগীকৈ সৰলভাৱে লিখি উলিয়াইছিল গল্পকাৰ মহিম বৰাই। অসম প্ৰকাশন পৰিষদে ১৯৭৬ চনতে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ কেইবাটাও সংস্কৰণ ইতিমধ্যে প্ৰকাশিত হৈছে। মূল্য ৬০ টকা মাত্ৰ।
Madhav Dutta –
আপোনালোকৰ এই যাত্ৰা অব্যাহত থাকক ।