Sale!

Asamat Mahatma ( অসমত মহাত্মা )

180.00

Edited

Add to Wishlist
Add to Wishlist
SKU: PBAE328 Category:

Description

অসমত মহাত্মা
জাতিৰ পিতা মহাত্মা গান্ধীয়ে চাৰিবাৰ অসম ভ্ৰমণ কৰিছিল৷ এই চাৰিবাৰেই তেওঁ অসমীয়া জাতি-মানসত ভিন্ন ৰং-ৰূপেৰে আলোড়নৰ সৃষ্টি কৰিছিল৷ অসমৰ সমাজ-ৰাজনৈতিক ইতিহাসত তেওঁৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈ আছে৷ অসমৰ সকলো ঠাইতে ৰাইজৰ পৰা তেওঁ বিপুল আদৰ, শ্ৰদ্ধা লাভ কৰিছিল৷ মহাত্মা গান্ধীৰ এই ঐতিহাসিক ভ্ৰমণ কাহিনীৰ বিভিন্ন তথ্য ৰাজ্যৰ ভিন্‌ ভিন্‌ প্ৰান্তৰ পৰা বৰ কষ্টেৰে সংগ্ৰহ কৰিছিল অমিয় কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই৷ এই তথ্যৰ আলমতে ‘অসমত মহাত্মা’ শীৰ্ষক গ্ৰন্থখন অমিয় কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই লিখি উলিয়াইছিল৷ চন্দ্ৰপ্ৰসাদ শইকীয়াই এই সংকলনটি সম্পাদনা কৰি ১৯৬৯ চনৰ অক্টোবৰ মাহত অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ কৰে৷ এই বিশেষ গ্ৰন্থখনিৰ তৃতীয় সংস্কৰণ সম্প্ৰতি পৰিষদৰ পৰা প্ৰকাশিত হৈছে৷ মূল্য ২০০ টকা মাত্ৰ৷

Reviews

There are no reviews yet.

Be the first to review “Asamat Mahatma ( অসমত মহাত্মা )”

Your email address will not be published. Required fields are marked *