Sale!
Description
অসমীয়া সাহিত্যত নদী
নদীক কেন্দ্ৰ কৰি প্ৰাচীন কালৰে পৰা সভ্যতা-সংস্কৃতি গঢ়ি উঠাৰ দৰে সাহিত্যৰ সমৃদ্ধিৰ ক্ষেত্ৰতো নদীৰ বৰঙনি প্ৰচুৰ। ক’ৰবাত নদীৰ অৱস্থান যদি সাহিত্যৰ পটভূমিৰ সৈতে সংলগ্ন হৈ আছে, ক’ৰবাত নদী আৰু সমাজ-জীৱনৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ প্ৰসংগ আছে। নদী আৰু সাহিত্যৰ এই যোগসূত্ৰৰ আধাৰত কোনো ধৰণৰ গৱষণা পূৰ্বে হোৱা নাছিল। ” অসমীয়া সাহিত্যত নদী ” শীৰ্ষক ড° বিমল মজুমদাৰৰ গৱেষণামূলক গ্ৰন্থখনত নদী আৰু অসমীয়া সাহিত্যৰ সম্পৰ্কৰ কথা বিস্তৃতভাৱে আলোচনা কৰা হৈছে। লোক-সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া সাহিত্যলৈকে এই আলোচনাৰ আওতালৈ আহিছে। অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ মূল্য ৮০ টকা মাত্ৰ।
Reviews
There are no reviews yet.