Panchatantra ( পঞ্চতন্ত্ৰ )
Original price was: ₹80.00.₹72.00Current price is: ₹72.00.
Format : Hard cover
Description
পঞ্চতন্ত্ৰ
‘ পঞ্চতন্ত্ৰ ‘ মূলতঃ পাঁচটা আখ্যানৰ সমষ্টি। প্ৰতিটোৰে সম্পূৰ্ণতাৰ বাবে তাত আন আন উপকাহিনী সংযোগ কৰা হৈছে। পঞ্চতন্ত্ৰৰ মূল ৰূপ ইতিহাসে উদ্ধাৰ কৰিব পৰা নাই। ৫৭০ খ্ৰীষ্টাব্দৰ আগতে পহ্লৱী ভাষালৈ অনূদিত এই গ্ৰন্থৰ পৰিবৰ্তিত ৰূপটোৰো সংশোধিত ৰূপটোহে এতিয়া উপলব্ধ। ‘পঞ্চতন্ত্ৰ’ৰ মূল ৰচক সন্দৰ্ভত নিশ্চিত তথ্য নাই ।মহিলাৰোপ্য নগৰৰ ৰজা অমৰ শক্তিৰ চাৰিজন পুত্ৰক পণ্ডিত ৰাম শৰ্মাই দিয়া ৰাজনীতিৰ শিক্ষাই ‘ পঞ্চতন্ত্ৰ’ বুলি কথামুখত উল্লেখ আছে যদিও ই কাল্পনিক। ৰাজনীতিৰ লগতে ইয়াত অৰ্থশাস্ত্ৰ আৰু নীতিশাস্ত্ৰৰ উদ্ধৃতিও আছে। পঞ্চতন্ত্ৰৰ ৰচনা-শৈলী আৰু কাহিনীৰ বয়ন অভিনৱ। আনকি আৰবৰ ‘ এহেজাৰ এনিশাৰ সাধু’, য়ুৰোপৰ ‘ ডেকামেৰান ‘ , ‘ কেন্টাৰবাৰী টেলচ’ আদিতো ইয়াৰ ৰচনা পদ্ধতি অনুকৰণ কৰা দেখা যায়। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত ‘ পঞ্চতন্ত্ৰ’ অনুবাদ কৰিছে প্ৰভাত চন্দ্ৰ শৰ্মাই।
Reviews
There are no reviews yet.