Sale!

Lumber Dai Rachanavali

Original price was: ₹700.00.Current price is: ₹630.00.

-+
Add to Wishlist
Add to Wishlist

Description

লুম্মেৰ দাই ৰচনাৱলী
অসম প্ৰকাশন পৰিষদৰ দ্বাৰা শেহতীয়াকৈ প্ৰকাশিত “লুম্মেৰ দাই ৰচনাৱলী ” এখন উল্লেখ্যযোগ্য গ্ৰন্থ। লুম্মেৰ দাই জন্মসূত্ৰে অৰুণাচলৰ বাসিন্দা আছিল। অসম আৰু অসমীয়া ভাষাৰ প্ৰতি সুতীব্ৰ আৱেগ অনুভৱ কৰা এই বৰেণ্য লেখকজনে মননশীল উপন্যাস, গল্প, নিৱন্ধ আৰু শিশু সাহিত্যৰ যোগেদি অসমীয়া সাহিত্যলৈ প্ৰভূত বৰঙনি আগবঢ়াই থৈ গৈছে। আমাৰ কাষৰীয়া প্ৰদেশ এখনৰ জনজাতীয় জীৱনৰ ৰং-ৰূপ আৰু জীৱন চৰ্যা, এই মানুহবোৰৰ স্বপ্ন আৰু আকাংক্ষা লুম্মেৰ দাইৰ লেখাসমূহত সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে। পাহাৰ-ভৈয়ামৰ সম্প্ৰীতি-বাৰ্তাও তেওঁৰ কিছু লেখাৰ মূল উপজীব্য। লুম্মেৰ দাই অৰুণাচলৰ প্ৰথমখন দৈনিক ইংৰাজী কাকত ‘ ইক’ অব অৰুণাচল ‘ ৰ সম্পাদক আছিল। এই কাকতৰ সম্পাদকীয়সমূহত নিজা প্ৰদেশখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ উমান পোৱা যায়। ‘ দাইজ ইক’ অব অৰুনাচল’ এই সম্পাদকীয়সমূহৰ একত্ৰ সংকলন।
‘লুম্মেৰ দাইৰ ৰচনাৱলী’ত তেওঁৰ সকলো উপন্যাস, গল্প , নিৱন্ধ, শিশু সাহিত্য আৰু সম্পাদকীয় সন্নিৱিষ্ট হৈছে। জয়ন্ত মাধৱ বৰাই