Sale!

Jangam ( জংগম )

Original price was: ₹200.00.Current price is: ₹180.00.

Format : Paper back

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE051 Category:

Description

জঙ্গম
যশস্বী ঔপন্যাসিক দেবেন্দ্ৰনাথ আচাৰ্যৰ ‘জঙ্গম’ অসমীয়া সাহিত্যৰ এক পৰম সম্পদ।এগৰাকী অভিযন্তা হিচাপে কৰ্মব্যস্ত জীৱনৰ মাজতে দ্বিতীয় মহাযুদ্ধৰ কবলত পৰা ব্ৰহ্মদেশ আৰু অসমৰ ঐতিহাসিক পটভূমি অধ্যয়ন কৰি ঔপন্যাসিকে গ্ৰন্থখনৰ সমল সংগ্ৰহ কৰিছিল।ইয়াত বুৰঞ্জীৰ ছাঁটোহে আছে, লেখকৰ উদ্ভাৱনা শক্তি আৰু কল্পনাৰ প্ৰাচুৰ্যই উপন্যাসখনত প্ৰাণৰ সঞ্চাৰ কৰিছে। দিতীয় মহাসমৰৰ সময়ত প্ৰাণৰ ভয়ত ব্ৰহ্মদেশ এৰি দুৰ্গম পথেৰে অসমৰ ফালে পলাই অহা এদল স্থানান্তৰিত, নি:স্ব মানুহৰ জীৱন-সংগ্ৰামৰ কাহিনীয়েই হ’ল এই উপন্যাসৰ মূল বিষয়বস্তু। অসমীয়া সাহিত্যৰ অন্যতম সমাদৃত এই উপন্যাসখন ১৯৮২ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰিছিল। পৰিষদৰ পৰা প্ৰকাশিত ‘প্ৰকাশ’ আলোচনীত ছােৱা ছোৱাকৈ ছপা হোৱা আৰু পাছত গ্ৰন্থাকাৰে প্ৰকাশ কৰা উপন্যসখন সাহিত্য অকাদেমি বঁটাৰে সন্মানিত হৈছিল। ২০০ টকা মূল্যৰ গ্ৰন্থখনৰ সপ্তম সংস্কৰণটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।