(আন্ত:ৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান)

       

সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সোঁৱৰণত

পদ্মনাথ শ্ৰব্য অভিধান

(আন্ত:ৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান)

© অসম প্ৰকাশন পৰিষদ

বিশেষ কৃতজ্ঞতা

ড° হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰ
ডাঃ ৰণোজ পেগু, মাননীয় শিক্ষামন্ত্ৰী, অসম চৰকাৰ
সুমন্ত চলিহা, উপাধ্যক্ষ, অসম প্ৰকাশন পৰিষদ

সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সোঁৱৰণত

পদ্মনাথ শ্ৰব্য অভিধান

(আন্ত:ৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান)

© অসম প্ৰকাশন পৰিষদ

প্ৰকল্পৰ সবিশেষ

আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি সম্বলিত শ্ৰব্য অভিধান এখনৰ প্ৰস্তুতি প্ৰক্ৰিয়াটোৰ চিন্তা চৰ্চা ২০১০ চনতেই আমি আৰম্ভ কৰিছিলোঁ যদিও এই ধৰণৰ কাম ব্যক্তিগত পৰ্যায়ত সম্পন্ন কৰি উলিওৱা আমাৰ পক্ষে সম্ভৱ হৈ উঠা নাছিল। কিন্তু ২০২০ চনত অসম প্ৰকাশন পৰিষদৰ বৰ্তমানৰ সচিব প্ৰমোদ কলিতাদেৱৰ সৈতে কিছু আলোচনা কৰিছিলোঁ। সেই সময়ত তেখেতৰ সন্মুখত প্ৰকল্পটোৰ সবিশেষ দাঙি ধৰাৰ পাছত বিষয়টো তেখেতে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু আমাক যাৱতীয় ব্যৱস্থা কৰি দিয়াৰ বাবে অতি আগ্ৰহেৰে সন্মতি প্ৰকাশ কৰে। তেখেতৰ এই আগ্ৰহৰ বাবে সেই সময়তেই আমি কাম আৰম্ভ কৰিছিলোঁ। অভিধান বাচনিৰ ক্ষেত্ৰত ড° মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাৰ দ্বাৰা সংকলিত আৰু অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত আধুনিক অসমীয়া অভিধানখনকেই লোৱাৰ বাবে সচিব প্ৰমোদ কলিতাদেৱে সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ নামেৰে পদ্মনাথ শ্ৰব্য অভিধান বুলি ইয়াৰ নামকৰণ কৰাৰ বাবে তেখেতে সিদ্ধান্ত গ্ৰহণ কৰে। এনে এটা জটিল কামৰ দায়িত্ব গ্ৰহণ কৰি আমি প্ৰথম অৱস্থাত ভালেখিনি সমস্যাৰ সন্মুখীন হৈছিলোঁ যদিও কলিতা ডাঙৰীয়াই তেনে বহু সমস্যাৰ সমাধানৰ বাট উলিয়াই দিয়ে। ইয়াৰ উপৰিও শব্দৰ অন্তৰ্ভুক্তি, ইয়াৰ আৰ্হি আদিৰ সৈতে সম্পৰ্কিত কাৰিকৰী দিশসমূহৰ ক্ষেত্ৰতো আমি প্ৰথম কেইমাহমান ভালেখিনি পৰীক্ষা-নিৰীক্ষা কৰিবলগীয়া হৈছিল। সেইবাবে অভিধানখনৰ বাবে এটা বিশেষ আৰ্হি (Format) প্ৰস্তুত কৰি উলিয়াবলৈকে আমাৰ ভালেখিনি সময়ৰ প্ৰয়োজন হৈছিল। বিশেষকৈ শ্ৰব্য (Audio) ৰূপৰ অন্তৰ্ভুক্তিৰ বাবে ইয়াৰ জটিলতা বাঢ়িছিল। শব্দসমূহ বাণীবদ্ধ কৰাৰ বাবে ব্যক্তি নিৰ্বাচন আৰু বাণীবদ্ধকৰণৰ ব্যৱস্থাও এটা অতি গুৰুত্বপূৰ্ণ দিশ বুলি বিৱেচিত হয়। এই ক্ষেত্ৰত প্ৰমোদ কলিতাদেৱে আকাশ বাণী গুৱাহাটী কেন্দ্ৰৰ জ্যেষ্ঠ ঘোষক (অৱসৰপ্ৰাপ্ত) অৱনী কুমাৰ বৰাদেৱৰ সৈতে যোগাযোগ কৰাৰ পাছত বৰা ডাঙৰীয়াই এনে এটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে একে আষাৰে সন্মতি প্ৰদান কৰিলে। ইয়াৰ পাছতে মহিলা কণ্ঠৰ বাবেও কলিতাদেৱে বিশিষ্ট অভিনেত্ৰী ড০ গায়ত্ৰী মহন্ত ডাঙৰীয়ানীৰ সৈতে যোগাযোগ কৰাত তেখেতেও অকনো ইতস্তত নকৰাকৈয়ে সন্মতি প্ৰদান কৰিলে। বাণীবদ্ধকৰণৰ বাবে সেই সময়ৰ জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাদেৱৰ সৈতে প্ৰকাশন পৰিষদৰ তৰফৰ পৰা যোগাযোগ কৰাত তেখেতে সকলো ব্যৱস্থা কৰি দিবলৈ গাত ল’লে। এনেদৰে প্ৰতিগৰাকী ব্যক্তিৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে প্ৰকল্পটোৰ কাম আগবঢ়াই নিয়া হয়।

বৰ্তমান সময়ত ভাষা একোটাক ডিজিটেল মাধ্যমত উপলব্ধ হোৱাকৈ আৰু তাৰ সহজ তথা শুদ্ধ প্ৰয়োগৰ ব্যৱস্থা কৰিব নোৱাৰিলে ভাষাৰ বিকাশ আৰু প্ৰসাৰ প্ৰায় অসম্ভৱ বুলিব পাৰি। বিশ্বৰ অন্যান্য ভাষাৰ দৰে অসমীয়া ভাষাৰ বিকাশৰ বাবেও এনে পদক্ষেপ অপৰিহাৰ্য বুলি ক’ব পৰা যায়। সেইদৰে ভাষাৰ প্ৰয়োগ আৰু বিকাশৰ প্ৰথমিক প্ৰয়োজনীয়তা হৈছে ইয়াৰ অভিধান আৰু ব্যাকৰণ। ইয়াৰ লগতে আহি পৰে উচ্চাৰণৰ দিশটো। সাধাৰণতে লিখিত আৰু ডিজিটেল উভয় অভিধানতে উচ্চাৰণৰ নিৰ্দেশনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি অথবা ব্যক্তিগত ৰূপত কিছুমান কূটচিহ্ন প্ৰয়োগ কৰা হয়। কিন্তু সামগ্ৰিকভাৱে আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি প্ৰয়োগ কৰাটোকেই ভাষাবিজ্ঞানীসকলে অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি আহিছে। গতিকে এই ডিজিটেল অভিধানখনৰ শব্দবোৰৰ উচ্চাৰণ-নিৰ্দেশক হিচাপে আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপিৰ ২০১৮ সংস্কৰণৰ আধাৰত প্ৰয়োগ কৰা হৈছে। ইয়াৰ লগতে অসমীয়া শব্দসমূহৰ ইংৰাজী অৰ্থও অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। ইংৰাজী অৰ্থৰ পুনৰীক্ষণৰ দায়িত্ব গ্ৰহণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক, বন্ধুবৰ ড° মৃদুল বৰদলৈয়ে।

আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপিৰ অন্তৰ্ভুক্তিঃ আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি (চমুকৈ আই. পি. এ.) হ’ল, আন্তঃৰাষ্ট্ৰীয় ধ্বনি সংস্থা (International Phonetic Association)ই বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা ধ্বনিভিত্তিক আখৰৰ তালিকা। এই আখৰসমূহৰ দ্বাৰা বিশ্বত বৰ্তমানলৈ আবিষ্কৃত প্ৰায় সকলোবোৰ ভাষাৰেই প্ৰকৃত উচ্চাৰণ প্ৰকাশ কৰিব পৰাকৈ লিপিবদ্ধ কৰিব পাৰি। এনেদৰে লিপিবদ্ধ কৰি উলিওৱা কাৰ্যক ধ্বনি-লিপ্যন্তৰকৰণ (Transcription) বোলা হয়। আই. পি. এ.ৰ এই তালিকাখনৰ আধাৰত প্ৰধানতঃ দুই ধৰণে ধ্বনি-লিপ্যন্তৰকৰণ কৰা হয়। এই দুটা পদ্ধতি হ’ল- সুক্ষ্ম ধ্বনি-লিপ্যন্তৰকৰণ (Narrow Transcription) আৰু বহল ধ্বনি-লিপ্যন্তৰকৰণ (Broad Transcription)। সাধাৰণ ভাষাত ক’বলৈ হ’লে সুক্ষ্ম ধ্বনি-লিপ্যন্তৰকৰণত উপবৰ্ণ বা উপধ্বনি (Allophone)ৰ প্ৰকাশৰ বাবে কূটচিহ্ন প্ৰয়োগ কৰা হয়। আনহাতে বহল ধ্বনি-লিপ্যন্তৰকৰণত সাধাৰণতে বৰ্ণসমূহৰ বাবেহে চিহ্নসমূহ ব্যৱহাৰ কৰা হয়। উপবৰ্ণ বা উপধ্বনিৰ নিৰ্দেশনা নথকা বাবে বহল ধ্বনি-লিপ্যন্তৰকৰণত একোটা বৰ্ণৰ বিভিন্ন ৰূপৰ উচ্চাৰণ-বৈশিষ্ট্যৰ বিষয়ে জানিব পৰা নাযায় বাবে উচ্চাৰণ বিভ্ৰাট হোৱাৰ সম্ভাৱনা অধিক দেখা যায়। আন্তঃৰাষ্ট্ৰীয় ধ্বনি সংস্থাই এই তালিকা সময়ে সময়ে পুনৰীক্ষণ কৰি প্ৰকাশ কৰে। পদ্মনাথ শ্ৰব্য অভিধানখনত অন্তৰ্ভুক্ত কৰা ধ্বনিলিপিৰ চিহ্নসমূহৰ বাবে ২০১৮ চনত প্ৰকাশিত আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপিৰ তালিকাখনক আধাৰ হিচাপে লোৱা হৈছে আৰু যথাসম্ভৱ সুক্ষ্ম ধ্বনি-লিপ্যন্তৰকৰণ কৰিবলৈ যত্ন কৰা হৈছে। বৰ্তমানলৈ প্ৰকাশিত ভালেকেইখন অসমীয়া পুথিত (যেনে- বাণীকান্ত কাকতিৰ Assamese, Its Formation and Development, গোলোক চন্দ্ৰ গোস্বামীৰ Structure of Assamese) আদি গ্ৰন্থত প্ৰয়োগ কৰা ধ্বনি-চিহ্নসমূহৰ সৈতে এই অভিধানত প্ৰয়োগ কৰা ভালেমান চিহ্নৰ পাৰ্থক্য দেখা যাব। এই চিহ্নসমূহ ব্যৱহাৰ কৰাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপিৰ উচ্চাৰণ, বাণীবদ্ধ কৰা ধ্বনিসমূহ আৰু গোলোক চন্দ্ৰ গোস্বামীৰ বৰ্ণ প্ৰকাশ আৰু ধ্বনিবিজ্ঞানৰ ভূমিকা গ্ৰন্থ দুখনত প্ৰকাশ কৰা ব্যাখ্যাৰ অধ্যয়ন আৰু বিশ্লেষণৰ লগতে ধ্বনিসমূহৰ তৰংগ ধ্বনিবৈজ্ঞানিক পৰীক্ষা কৰি ইয়াৰ বৈশিষ্ট্যসমূহ উলিয়াই লোৱা হৈছে আৰু তাৰ আধাৰতহে চিহ্নসমূহ ইয়াত প্ৰয়োগ কৰা হৈছে। গতিকে অসমীয়া ভাষাৰ ধ্বনিবিজ্ঞানৰ চৰ্চা কৰা বহুতৰে বাবে হয়তো কেইটামান চিহ্ন আচহুৱা লাগিব পাৰে। তথাপি ইয়াৰ মাজতো আমাৰ অজ্ঞানতাৰ বাবে কিছু ত্ৰুটি ৰৈ যোৱাটো অস্বাভাৱিক নহয়, সেইবোৰ যুক্তি আৰু বিশ্লেষণৰ আধাৰত আঙুলিয়াই দিলে পৰৱৰ্তী সংস্কৰণত ইয়াৰ শুধৰণি কৰা হ’ব।

বাণীবদ্ধকৰণৰ বাবে জ্যোতি চিত্ৰবনৰ মুখ্য শব্দ অভিযন্তা দীপক কুমাৰ দত্ত আৰু বাণীবন্ধন বিষয়া মনোৰঞ্জন দাস (বাবুল) ডাঙৰীয়াই বাণীবন্ধনৰ সকলো কাম অতি আন্তৰিকতাৰে আগবঢ়াই দিয়ে।

এই প্ৰকল্পটোৰ তথ্য অন্তৰ্ভুক্তিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰী ৰেহেনা আখতাৰা, গুৱাহাটীস্থ এচ. বি. দেওৰা কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অৰ্ণৱ শৰ্মা আৰু একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰী জুলুশ্ৰী গগৈয়ে প্ৰাৰম্ভিক কামখিনিত যথেষ্ট সহায় আগবঢ়ালে। কাৰিকৰী দিশৰ মূল কাৰ্যৰ বহুখিনি কাম আগবঢ়াই দিছে অংশুমান বড়াই। শেষত এটা কথা অতি স্পষ্টভাৱে আৰু অতি আন্তৰিকতাৰে প্ৰকাশ কৰিবই লাগিব যে অসম প্ৰকাশন পৰিষদৰ বৰ্তমানৰ সচিব প্ৰমোদ কলিতা ডাঙৰীয়াই এই প্ৰকল্পৰ সফল ৰূপায়ণৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি নহাহেঁতেন অসমীয়া সমাজলৈ ইয়াক আগবঢ়াই দিয়া আমাৰ বাবে সম্ভৱ নহ’লহেঁতেন।

আমাৰ এই প্ৰচেষ্টা এক আৰম্ভণিহে, গতিকে অজানিতে অথবা আমাৰ অজ্ঞতাৰ বাবে এই কৰ্মৰ বিভিন্ন স্তৰত ত্ৰুটি ৰৈ যোৱাতো স্বাভাৱিক। বিজ্ঞলোকে যুক্তি সহকাৰে এই ত্ৰুটিসমূহ আঙুলিয়াই দিলে পৰৱৰ্তী কালত অভিধানখনৰ শুধৰণি কৰিব পৰা যাব। ইয়াৰ উপৰি অভিধান এখনৰ পৰিবৰ্ধন আৰু বিকাশ এক অন্তহীন প্ৰক্ৰিয়া আৰু তাক আগবঢ়াই নিবলৈ যত্ন কৰা হ’ব। ব্যৱহাৰকাৰীয়ে আমাৰ এই প্ৰাথমিক প্ৰচেষ্টা কেনেধৰণে গ্ৰহণ কৰে তাৰ ওপৰতেই এই প্ৰকল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰিব বুলি আমি বিশ্বাস কৰোঁ।

 

ড° ভাস্কৰজ্যোতি শৰ্মা (গুৱাহাটী)
ড° গুণদীপ চেতিয়া (ডিব্ৰুগড়)

সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সোঁৱৰণত

পদ্মনাথ শ্ৰব্য অভিধান

(আন্ত:ৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান)

© অসম প্ৰকাশন পৰিষদ

প্ৰকাশকৰ একাষাৰ

ভাষাৰ বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰত অভিধানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বৰ্তমানৰ ডিজিটেল যুগত এনে অভিধান ভাষাৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। ডিজিটেল মাধ্যমৰ লগতে শ্ৰব্য ৰূপত এখন অভিধানৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব অসমীয়া ভাষাক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিয়ে উপলব্ধি কৰিব বুলি আমাৰ বিশ্বাস। বৰ্তমানে কম্পিউটাৰ আৰু মোবাইলৰ বহুল ব্যৱহাৰৰ বাবেই আমাৰ সমলবোৰ এই জগতত উপলব্ধ কৰাৰ কোনো বিকল্প নাই। পূৰ্বৰে পৰা অসমীয়া ভাষাৰ প্ৰযুক্তিগত বিকাশৰ বাবে বিভিন্ন দিশত চিন্তা চৰ্চা কৰি আহিছোঁ আৰু সম্প্ৰতি এই এই দিশত কেইগৰাকীমান উৎসাহী আৰু অভিজ্ঞ ব্যক্তি আগবাঢ়ি অহাত এনে এখন অভিধান প্ৰকাশন পৰিষদৰ উদ্যোগত প্ৰস্তুত কৰি উলিওৱাৰ বাবে আগ্ৰহেৰে প্ৰচেষ্টা হাতত লোৱা হ’ল আৰু অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ নামেৰেই পদ্মনাথ শ্ৰব্য অভিধান বুলি নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সম্পৰ্কে ড° ভাস্কৰজ্যোতি শৰ্মা আৰু ড° গুণদীপ চেতিয়াৰ সৈতে প্ৰকল্পটোৰ সবিশেষ আলোচনা কৰাৰ অন্তত ২০২০ চনত প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হয়। এই ডিজিটেল অভিধানখনৰ ভেটি হিচাপে ড° মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাৰ দ্বাৰা সংকলিত আৰু সুমন্ত চলিহাৰ দ্বাৰা সংশোধিত আৰু সম্পাদিত আধুনিক অসমীয়া অভিধানৰ একবিংশ সংস্কৰণটো লোৱাৰ পৰামৰ্শ দিয়া হ’ল। মূল আধুনিক অসমীয়া অভিধানখনত অন্তৰ্ভুক্ত নোহোৱা আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি আৰু ইংৰাজী অৰ্থ সংযোগ কৰাৰ বাবেও আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সূত্ৰে এইখনক আন্তঃৰাষ্ট্ৰীয় ধ্বনি লিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান বুলিব পাৰি। অভিধানখন প্ৰথমতে কেৱল কম্পিউটাৰত ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও প্ৰয়োজনীয়তা আৰু ব্যৱহাৰযোগ্যতাৰ প্ৰতি দৃষ্টি ৰাখি অভিধানখন মোবাইল এপ হিচাপেও মুকলি কৰি দিয়াৰ প্ৰয়াস কৰা হয়। এখন ছপা অভিধান আৰু এখন শ্ৰব্য ডিজিটেল অভিধানৰ প্ৰস্তুত কাৰ্য একে নহয় বুলি প্ৰায় সকলোৱে অৱগত বুলিব পাৰি। কিন্তু এই কাৰ্য সম্পন্ন কৰিবলৈ লওঁতে ভবাতকৈও অধিক জটিলতাৰ সন্মুখীন হোৱা দেখা গ’ল।এই সকলোবোৰ জটিলতা নেওচি অৱশেষত অভিধানখনি কম্পিউটাৰৰ লগতে মোবাইল এপ হিচাপেও মুকলি কৰি দিবলৈ পাই অতি আনন্দিত হৈছোঁ। অভিধান প্ৰণয়ন আৰু পৰিবৰ্ধন এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। অভিধানখনৰ এই সংস্কৰণত অজানিতে থাকি যোৱা ত্ৰুটিসমূহ পৰৱৰ্তী পৰ্যায়ত শুধৰণি কৰা হ’ব আৰু পৰ্যায়ক্ৰমে ইয়াৰ পৰিবৰ্ধন কৰাৰো প্ৰয়াস অব্যাহত ৰাখিবলৈ প্ৰকাশন পৰিষদ যত্নপৰ হ’ব। এনে এটা জটিল কাৰ্য সম্পন্ন কৰাৰ বাবে প্ৰকল্পটোৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ব্যৱহাৰকাৰীৰ সমাদৰৰ লগতে যুক্তিসন্মত পৰামৰ্শ লাভ কৰিলে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি অনুভৱ কৰিম।

 

প্ৰমোদ কলিতা
সচিব
অসম প্ৰকাশন পৰিষদ

সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সোঁৱৰণত

পদ্মনাথ শ্ৰব্য অভিধান

(আন্ত:ৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান)

© অসম প্ৰকাশন পৰিষদ

কৰ্মদল

মুখ্য সংযোজক আৰু প্ৰকাশক

প্ৰমোদ কলিতা (সচিব, অসম প্ৰকাশন পৰিষদ)

সামগ্ৰিক পৰিকল্পনা, আৰ্হি প্ৰস্তুত

ড° ভাস্কৰজ্যোতি শৰ্মা, ড° গুণদীপ চেতিয়া

ধ্বনি-লিপ্যন্তৰকৰণ (Phonetic Transcription-IPA), তথ্য পুনৰীক্ষণ

ড° ভাস্কৰজ্যোতি শৰ্মা

চিষ্টেম-ডিজাইন আৰু প্ৰগ্ৰেমিং

ড° গুণদীপ চেতিয়া, অংশুমান বড়া

ইংৰাজী অৰ্থ পুনৰীক্ষণ

ড° মৃদুল বৰদলৈ

কণ্ঠ

অৱনী কুমাৰ বৰা
ড° গায়ত্ৰী মহন্ত

তথ্য অন্তৰ্ভুক্তি

ৰেহেনা আখতাৰা, জুলুশ্ৰী গগৈ, অৰ্ণৱ শৰ্মা

বাণীবন্ধন সহযোগী

দীপক কুমাৰ দত্ত (মুখ্য শব্দ-অভিষন্তা, জ্যোতি চিত্ৰবন)
মনোৰঞ্জন দাস (বাবুল), (বাণীবন্ধন বিষয়া, জ্যোতি চিত্ৰবন)

বাণীবন্ধন

জ্যোতি চিত্ৰবন, কাহিলীপাৰা, গুৱাহাটী

ল’গ’ ডিজাইন

ৰাজু গোহাঁই

সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ সোঁৱৰণত

পদ্মনাথ শ্ৰব্য অভিধান

(আন্ত:ৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান)

© অসম প্ৰকাশন পৰিষদ

সহায়

পদ্মনাথ শ্ৰব্য অভিধান আন্ত:ৰাষ্ট্ৰীয় ধ্বনিলিপি সম্বলিত প্ৰথম অসমীয়া ডিজিটেল শ্ৰব্য অভিধান। ইয়াত অসমীয়া শব্দ এটাৰ অৰ্থ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ হোৱাৰ উপৰিও তাৰ উচ্চাৰণো শুনিবলৈ পাব। ইয়াৰ শব্দসমূহ মুখ্য শব্দ আৰু সাধিত শব্দ- এই দুটা ভাগত অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্য শব্দসমূহ পুৰুষ-কণ্ঠত আৰু সাধিত শব্দসমূহ মহিলা-কণ্ঠত শুনিবলৈ পাব। ইয়াৰ লগতে মুখ্য শব্দসমূহৰ উচ্চাৰণ লিখিত ৰূপত প্ৰকাশ কৰিব পৰাকৈ আন্ত:ৰাষ্ট্ৰীয় ধ্বনিলিপিৰ জৰিয়তে কৰা ধ্বনি লিপ্যন্তৰকৰণ দেখা পাব।

 

বিচৰা শব্দটো লিখিবলৈ প্ৰথমে আপুনি কীবৰ্ড বাচনি কৰক। "ৰ'দালি ফ'নেটিক" আৰু "ইনস্ক্ৰিপ্ট" এই কীবৰ্ড দুখন ইয়াত অন্তৰ্ভুক্ত কৰা আছে। যদি আপুনি সেই দুখন কীবৰ্ডৰ এখনো ব্যৱহাৰ কৰিব খোজা নাই, তেন্তে আপোনাৰ কম্পিউটাৰত ইনষ্টল হৈ থকা আন অসমীয়া কীবৰ্ড ব্যৱহাৰ কৰিবলৈ "অন্য কীবৰ্ড" বিকল্পটো বাচনি কৰক।
বিচৰা শব্দটোৰ কেইটামান আখৰ লিখিলেই অভিধানখনত থকা একেধৰণৰ শব্দৰ স্বয়ংক্ৰিয় পৰামৰ্শ দেখা পাব।

বিচৰা শব্দটো যদি এটা মুখ্য শব্দ হয়, তেন্তে তলত দিয়াৰ দৰে তাৰ কাষতে সেই শব্দটোৰ উচ্চাৰণ আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিত দেখা পাব। লগতে সেই শব্দটোৰ উচ্চাৰণো কাষত থকা চিহ্নটো চুই শুনিব পাৰিব। অৱশ্যে আপোনাৰ মোবাইলৰ ইণ্টাৰেন'ট সক্ৰিয় থাকিলেহে এই উচ্চাৰণ শুনিবলৈ পাব।

 

আপোনাৰ পৰামৰ্শ আৰু প্ৰশ্ন এই ইমেইল ঠিকনাত প্ৰেৰণ কৰিব পাৰিব : publicationboardapp@gmail.com